মুঠ পঞ্জীয়ন: ২,২৯,১৪৫
মুঠ আবেদন: ১,০৪,০৯১
মুঠ হিতাধিকাৰী: ২৫,০০০ +

CMAAA সফলতাৰ কাহিনী


কেনেকৈ আবেদন কৰিব

  • পঞ্জীয়ন

    মোবাইল/ইমেইল প্ৰমাণীকৰণৰ জৰিয়তে পৰ্টেলত অনলাইন পঞ্জীয়ন কৰক।

  • আঁচনিৰ বাবে আবেদন

    মুখ্য মন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান আঁচনিৰ বাবে আবেদন কৰক।

  • স্বীকৃতি লাভ কৰক

    আবেদন দাখিল কৰাৰ লগে লগে স্বীকৃতি প্ৰমাণ পত্ৰ লাভ কৰক।

  • আঁচনিৰ সুবিধা

    যোগ্য আবেদনকাৰীক ডিবিটি/ডিডি মোডৰ জৰিয়তে পুঁজি বিতৰণ

মূল উদ্দেশ্য

❖ সকলো শ্ৰেণীৰ শিক্ষিত যুৱক-যুৱতীক উপযুক্ত ব্যৱস্থাৰ জৰিয়তে স্ব-নিয়োগ প্ৰদান কৰা।

❖ অসম ৰাজ্যত উদ্যোগীমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা।

❖ নতুন/বৰ্তমানৰ উদ্যোগ স্থাপনৰ জৰিয়তে গ্ৰাম্য আৰু চহৰ অঞ্চলত নিয়োগৰ সুযোগ সৃষ্টি কৰা।

❖ উদ্যমী ব্যক্তি আৰু গোটসমূহক নতুন/বৰ্তমানৰ অৰ্থনৈতিক কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা।

❖ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ৰাজ্য চৰকাৰৰ বিশেষ মনোনিৱেশ শক্তিশালী কৰা।

যোগ্যতা

❖ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিব আৰু ১ এপ্ৰিল, ২০২৪ তাৰিখ অনুসৰি ২৮ বছৰৰ ওপৰৰ আৰু ৪৫ বছৰৰ তলৰ হ' ব লাগিব |

❖ আবেদনকাৰীৰ তলত উল্লেখ কৰা অনুসৰি নিম্নতম শিক্ষাগত অৰ্হতা থাকিব লাগিব -

  • সাধাৰণ জাতিৰ বাবে দশম শ্ৰেণী পাছ
  • অনুসূচিত জাতি/জনজাতিৰ/অবিচি শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে দশম শ্ৰেণীলৈকে

❖ আয় সৃষ্টিকাৰী কাৰ্যকলাপ হাতত লবলৈ আবেদনকাৰীৰ দক্ষতা, অভিজ্ঞতা, জ্ঞান থাকিব লাগিব ।

❖ আবেদনকাৰীৰ এটা বেংক একাউণ্ট থাকিব লাগিব, যিটো ২০২৪ চনৰ ১ এপ্ৰিলৰ আগতে খোলা হৈছিল।

❖ ব্যক্তিগত আবেদনকাৰী পূবৰ্তে কোনো বেংক ঋণ পৰিশোধ নকৰা বুলি ঘোষিত হব নালাগিব ।

❖ কোনো পৰিয়ালৰ এজনতকৈ অধিক সদস্য এই আঁচনিৰ অধীনত লাভৱান হ'বলৈ যোগ্য হ' ব নোৱাৰিব । এই পৰিকল্পনাৰ উদ্দেশ্যে, পৰিয়ালৰ অৰ্থ হৈছে স্বামী, পত্নী, ভ্ৰাতৃ আৰু ভনী ।

❖ আবেদনকাৰীৰ নিয়োগ বিনিময়ত বৈধ পঞ্জীয়ন থাকিব লাগিব ।

❖ আবেদনকাৰী CMAAA 1.0 ৰ Beneficiary হব নালাগিব |

প্ৰয়োজনীয় নথিপত্ৰ

আঁচনিৰ বাবে আবেদন কৰাৰ সময়ত নিম্নলিখিত নথি-পত্ৰৰ দিয়া প্ৰয়োজন-

❖ নিম্নলিখিত যিকোনো পৰিচয়/ঠিকনাৰ প্ৰমাণ-আধাৰ/ভোটাৰ আইডি/পাছপ'ৰ্ট/ড্ৰাইভিং লাইচেঞ্চ |

❖ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ |

❖ সক্ৰিয় বেংক একাউণ্ট পাছবুকৰ প্ৰথম পৃষ্ঠা (বেংকৰ পাছবুকত নাম দাখিল কৰা আইডি কাৰ্ডৰ দৰে একে হব লাগিব)

❖ PAN কাৰ্ড |

❖ নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড |

কেনেকৈ আবেদন কৰিব

"মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0" ৰ বাবে আবেদন কৰিবলৈ, নতুন আবেদনকাৰীসকলে তেওঁলোকৰ নাম, মোবাইল নম্বৰ আৰু ইমেইল আইডি প্ৰদান কৰি CMAAA পৰ্টেলত ছাইন আপ কৰিব লাগিব ।

❖ ইতিমধ্যে CMAAA 1.0 ত ছাইন আপ কৰা আৰু CMAAA 1.0 ৰ সুবিধাভোগী নোহোৱা প্ৰাৰ্থীসকলে পুনৰ ছাইন আপ কৰাৰ প্ৰয়োজন নাই আৰু তেওঁলোকৰ পুৰণি প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰে ।

❖ আবেদনকাৰীয়ে স্থায়ী ঠিকনা, ব্যৱসায়িক বিৱৰণকে ধৰি সকলো প্ৰয়োজনীয় ক্ষেত্ৰ CMAAA 2.0 ট্যাবৰ অধীনত পূৰণ কৰিব লাগিব ।

❖ আবেদনকাৰীয়ে আবেদন দাখিলৰ সময়ত সাধাৰণ শ্ৰেণী Rs.২০০ (SC/ST/OBC শ্ৰেণীৰ বাবে Rs.১০০) অনলাইন জৰিয়তে পৰিশোধ কৰিব লাগিব।

❖ সফলভাৱে দাখিল কৰাৰ পিছত এটা ৰেফাৰেন্স নম্বৰৰ সৈতে এক একনলেজমেণ্ট স্লিপ তৈয়াৰ কৰা হয়। আবেদনকাৰীক এটা এছ. এম. এছ. আৰু ই-মেইল প্ৰেৰণ কৰা হব |